পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“াম ভাল, ৰাম ভাল, যি নহয় যম কাল।” 13 ‘মুন্সপ সদৰামিন' হব নোৱাৰিলেও অন্ততঃ ওকালতি কৰি তেওঁৰ ধাৰ মাৰিব আৰু নিজৰ অৱস্থাও টনকিয়াগ কৰিব পাৰিব। যথাসময়ত হৰিনাথ বি-এল পৰীক্ষাত উঠিল—–ফগত দেউতাকৰ ভালেখিনি ধাৰ লাগিল। হৰিনাথৰ বুদ্ধি চোকা আছিল। সেই কাৰণে তেওঁ ওকালতিত কৃতকাৰ্য্য হবলৈ ধৰিলে। কিন্তু ধন আৰ্জনৰ লগে লগে তেওঁৰ হাতৰ মুঠি টান হবলৈ আৰম্ভ কৰিলে। আন ছাৰি ঘৰৰ খৰচ চঙ্গাবলৈ যি টকা লাগে তাকো উচিতমতে দিবলৈ কেঘে হাবলৈ ধৰিলে। ইতিমধ্যে দেউতাকৰ মৃত্যু হোৱাত ঘৰখন তেওঁৰ টেটুত লাগিল। হৰিনাথৰ ব্যৱহাৰত দেউতাকৰ মনত মৃত্যুৰ আগেয়ে অশান্তি হৈছিল। গতিকে দেউতাকৰ মৰণ স্থমৰণ নহল বুলি লোকে কোৱা শুনা যায়। মৰিবৰ সময়ত হেনে। দেউতাকে হৰিনাথক শাও দি এই সংসাৰৰপৰা বিদায় ললে। দেউতাক মহাৰ অলপ দিনৰ পাচৰেপৰ। বহুত মামুহে তেওঁলৈ ছোৱালী যাচিবলৈ ধবলে, কিন্তু অশৌচ নোযোৱাৰ কাৰণে (অৰ্থাৎ এবছৰলৈ বিয়া-বাৰু কৰাব নোৱাৰা কাৰণে) বছেৰেকীয়া ষোৱাৰ এমাহ- মানৰ পাচতে নগৰ মহল মৌজাৰ বাপিৰাম মৌজাদাৰৰ জীয়েকৰ লগত তেওঁৰ 'শুভ বিবাহ' মহাসমাৰোহেৰে হৈ গল। বিয়া হৈ যোৱাৰ কেইদিনমানৰ পাচতে নৱ-পৰিণীতা সহধৰ্ম্মিণীৰে সৈতে তেওঁ ঘৰলৈ উভঙ্গি। বাটৰ ভাগৰ নপলোৱাত আৰু টোপনি খতি হল বুলি সেই দিনা ৰাতি ন-ছোৱালীয়ে পৰিয়ালৰ আন কোনো হৰে সৈতে কথা নাপাতি আৰু সামাজিক নিয়ম-কাৰণ অৱজ্ঞা কৰি বিছনাত পৰিল। ঘৰৰ সকলো মাছছে আৰু ওচৰ চুবুৰীয়াহঁতে আচৰিত মানিলে।