পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“ৰাম ভাল, ৰাম ভাল, ৰাম নহয় যম কাল।” হৰিনাথ বৰুৱাৰ স্বভাৱ সৰুৰ্পেৰা ভাল আছিল। তেওঁ মৰম-লগ৷ কথাৰে সকলোকে মুহিছিল। পঢ়া-শুনাতো তেওঁ বৰ চোকা আছিল আৰু তেওঁৰ যতি-গতি ভাল দেখি ওচৰ চুবুৰীয়া মাহুহে ভবিষ্যতে তেওঁ বংশৰ মুখ জিলিকাব বুলি আশা কৰিছিল। আঘোণী বায়ে আটাইৰে আগত কৈ ফুৰিছিল যে “বৰ আইটীৰ পুতেক হৰিনাথ বোপা 'মুন্সপ সদৰামিন' বা 'বেলেষ্টৰ' হৈ আহিব। যথাসময়ত হৰিনাথে এল-এ 'পাচ’ কৰিলে আৰু তাৰ দুবছৰৰ পাচত কলিকতাত বি-এ পাচ কৰিলে। সভা-সমিতিত হৰিনাথে সৰুৰেপৰা যোগ দান কৰি মনত আনন্দ পাইছিল, বহুত সভাত বক্তৃতা দিছিল আৰু ৰচনাও পাঠ কৰিছিল। তেওঁ ওজস্বিনী ভাষাৰে দেশৰ উন্নতি, সাহিত্যৰ ঊন্নতি,সমাজৰ উন্নতি আদি লাগতিয়াল বিষয়বোৰ আলোচনা কৰি সেই- বোৰ বিষয়ত ৰাপ বহুৱাবৰ মনেৰে তালৈ সকলোৰে মন উদগাইছিল। ভেঙৰ পিতৃভক্তি আৰু মাতৃভক্তি দেখি আটায়ে ‘ধইন ধইন’ কৰিছিল। লগৰীয়াৰ লগত তেওঁ সদায় আগোদ-প্ৰমোদ কৰিছিল আৰু গান- বাজন৷ আদি কৰি মনত সন্তোষ লাভ কৰিছিল। বি-এ পাচ কৰি তেওঁ 'ল' ( আইন) পঢ়িবলৈ মন মেলিলে। কিন্তু দেউতাকৰ আৰ্থিক অৱস্থা ভাল নথকাৰ কাৰণে দেউতাকৰ বহুত ধাৰ লাগিবলৈ ধৰিলে, তথাপি তেওঁ পুতেকৰ ভবিষ্যৎ-উন্নতিৰ আশা দেখি ধাৰ-ঋণ কৰি পঢ়ুৱাবলৈকো কুণ্ঠিত নহল। আশা আছিল, পুতেক