পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাব বুলনী আপদৰ বাহ মই চপালে। ডিঙিত, মৰিবৰ বাসনাহে হল; ইমান বিলাই সহি কেনেকৈ থাকিবা, বেজাৰতে হিয়া ফাটি গল। থোলোকা-নোদোক। সকহালি মোৰ হায়, থাবলই নাপাই শুকাল; আমাৰ কানীয়া বহি মেল মাৰি থাকে, নকৰে অলপো প্ৰতিপাল। ভাল ভাল চাই বাৰু আনোচোন ঘাঁহ, দিওঁ আহি মুখত পেলাই, হালোৱ৷ গৰুৱে দেহি থ’ক মহাসুখে, তাৰ হলে ভাবনাই নাই। পোতনি-জোতনি যিবা পাও দিওঁ তাকে, তাকে থাই থাকে কোনোমতে; শুকান খেৰনো দেহি কিমান চোবাব, হাৰাশান্তি হল চোবাওঁতে। কণা বিধতাই মোৰ পোৰ৷ কপালত এধানকে সুখ নেলেখিলে; - কেলেই চৰ্জিলি কণা, এই ভাৰস্তত, চঙিবলৈ কিহে তোক পালে " “মনে মনে থাক হেৰ', মূৰ-খাতী মোৰ,” কলে হুলা' হুমুনিয়া কাঢ়ি; “বতৰৰ গাত দায়, কি কৰিম মই, কি কৰিম কেঁচা হলে খবি?