পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী। আগত কি ফাঁকি দি টিবিল ঘিলাব! কানীয়া ‘ভকত’ৰ ওপৰত তেওঁৰ কিমান বিশ্বাস তাক স্বয়ং আৰু, কবলৈ গলে, ভগৱন্ত বস্তুৱেহে জানে। 8 কথাৰ ছলত মই কলোঁ, “বুজিছানে ভকত, আজি ভালেমান দিনৰে- পৰা মোৰ শৰীৰ 'বিষণ্ন’, কিবা ৰাঁইজাঁই কৰি থাকে দেখোন! অনেক দৰবজাতি খায়ে| বাৰু পোৱা নাই। দেহাটোৰ লগত মুঠিয়ে মুঠিয়ে ধন মিছাতে ভাঙিলো। লাহে লাহে দৰবৰ ওপৰত মোৰ আৰু সমৃদ্ধি বিশ্বাস নোহোৱা হল। ডাক্তৰী-কবিৰাজী দৰব নো আৰু কিমান থাবা! ৰাই খাই আৰু – ”এইখিনিলৈকে মই কবলৈহে পালোঁ, এনেতে সি কলে, “এৰা ডাঙৰীয়া, ডাক্তৰী-কবিৰাজী দৰবে আমাৰ দৰবৰ সমান কি গুণ দিব? আমাৰ দৰবে কিমান মানুহ ভাল কৰিছে তাৰ লেখ-জোহ নাই। বোলোঁ আপুনি এটা কাম কৰিব, — এদিন জনদিয়েক কানীয়া ভকতৰ সেৱা পাতিব আৰু অলপ ‘পসাদে ভক্তিৰে নব: ঈশ্বৰৰ ইচ্ছা, ভকতৰ বাঙ্ক॥' ভকতে যি বাঞ্ছা কৰে ঈশ্বৰে তাক সিদ্ধি কৰেই। সি লানি নিছিগাকৈ আৰু কিবা কব খুঞ্জিছিল, এনেতে মই মাত লগালোঁ, “এৰা, এৰা, ভকত, তুমি যি কৈছ৷ মিছা নহয়। মোৰ প্ৰভুৰ না। ঐ 1 ভকতসকলক চৰজি নৰ-মনিচৰ কিমান উপকাৰ কৰিলে! শাস্ত্ৰত আৰু কৈছে :-- ‘ভকতেসে বৰ আৰু ভকতেসে বৰ। ভকতক ভুঞ্জালেহে গুচে কৰ্ম্মজৰ॥ ভকততকৈ আৰু কোনোৰা ডাঙৰ হব পাৰেনে? বিশেষকৈ আমাৰ কানীয়া ভকতসকলৰ আসন আটাইতকৈ ওগত। সেই গুণেছে কওঁ, বোলো আমাৰ কালীনা ভকতসকলৰ শাৰী পুৰাব পৰা মানুষ এই ‘ভাৰস্ত’ত নাই।” কানীয়া। হয় ডাঙৰীয়া, আপোনাৰ দৰে গুণীৰ গুণৰ মোল বুজা