পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
জনকাব্য

তোমাক চাই আমনি  নালাগে, লাহৰী,
 পেটতো নালাগে ভোক।
এইনো গঢ়ে-পিতে  কোনে সাজি দিব,
 চেনেহৰ পুতলি মোক॥ ২৮৬।

তুমিয়ে আমিয়ে  পিৰিতি কৰিলোঁ,
 তাৰো নগজিল পাখি।
মই যদি তোমাৰ  অহিত চিন্তিছিলোঁ,
 ঈশ্বৰক ৰাখিছোঁ সাখী॥ ২৮৭।

কুহু কুহু কৰি  কপৌটি বিনালে,
 ডাউকে কান্দিলে ৰৈ।
মাকৰ ডিঙিত ধৰি  জীয়েকে কান্দিলে,
 ধনৰ লগত আতাৰি হৈ॥ ২৮৮।

ওলায়ে দেখিলোঁ  ছিছি মুখৰ কল-ঘৰ,
 দুৱাৰখন মুকলি হল।
মোৰ যে লাহৰী  মোক যে পাহৰি
 নেদেখা ৰাজলৈ গল॥ ২৮৯।

মা ৰো সদিয়াৰ,  বাপেৰো সদিয়াৰ,
 তোমাক সদিয়ালৈ দিলে।
আহিব-যাবলৈ  লগ নাইকিয়া,
 ঠিয়-বৰলালৈ দিলে॥ ২৯০।