পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
জনকাব্য

হায় ঐ বিধাতা, ভাগ্যত লিখোঁতা,
 কপালত লিখিলি ভাল।
অবুজন মনক বুজাব নোৱাৰোঁ,
 নিজে চপাই ললোঁ কাল॥ ২৪৬।

চৰাই কুমলীয়া উৰিব নোৱাৰে,
 ঘূৰি ঘূৰি ডালতে পৰে।
মন কুমলীয়া  পাহৰিব নোৱাৰে,
 ঘূৰি ঘূৰি মনতে পৰে॥ ২৪৭।

বাৰীত জাহাজী কল ৰুই গলোঁ,
 মেলিলে আঠিয়াই থোক।
চেনেহৰ পিৰিতি  ঢোপাত মৰহিলে,
 সন্তাপে দহিছে মোক॥ ২৪৮।

আজি কি-এ বাৰ,  শনি, সমনীয়া,
 আজি কি-এ বাৰ, শনি।
আমাৰে কপালত  বিধাতাই লিখিলে,
 মটা হাঁহে পাৰিছে কণি॥ ২৪৯।

সৰুৰ-এপৰা,  হেৰা প্ৰাণেশ্বৰী,
 আছিলোঁ তোমাকে ধিয়াই।
দেখিলোঁ বুলিয়ে  পাম কেনে কৰি,
 মোৰ যে কপালত নাই॥ ২৫০।