পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
জনকাব্য

মহ-গুৱাল নিদিবি মোক,  মোৰ ককাইঐ,
 গৰু-গুৱাল নিদিবি মোক।
ৰ’দেও দাকিছে,  পানী-জলা ফুটিছে,
 চেনাইটীক আনি দে মোক॥ ২৩৬।

উজনিমুৱাকৈ  নাও নেমেলিবি,
 নাৱৰ টিঙত নাযাবি শুই।
কিনো ডোম জ্বৰে  পালে মোক, লাহৰী,
 বুকুত দিয়ে গলা জুই॥ ২৩৭।

জুইৰে পোহৰত,  চাকিৰে পোহৰত,
 পদুমী নাচিছে বিলত।
শৰীলৰ ভিতৰত  প্ৰেমাগ্নি জ্বলিছে,
 এফেৰি নুগুচে মনত॥ ২৩৮।

আশাতে নিৰাশা  কৰালা, সাদৰী,
 তুমি কত কাল খাবা।
মোক দি-এ গলা  জীয়া জুই একুৰা,
 তুমিও সেই কুৰা পাবা॥ ২৩৯।

আশাতে নিৰাশা  কৰালা, লাহৰী,
 তুমি খাবা কতবা কাল।
ঠনৰ ঠনৰ কৰি  ভাগে বুকুখনি,
 যেন বিৰিখৰহে ডাল॥ ২৪০।