এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
জনকাব্য়
হাত মেলি হালধি নঘঁহিবি, মালতী,
ভৰিত নঘঁহিবি তেল৷
চুবুৰীয়াৰ ঘৰলৈ নাযাবি, মালতী,
আটাই বেয়া কথাৰ মেল॥ ১৫৬।
আগটি নাচালোঁ, গুৰিটি কাটিলোঁ
অচিন পৰবতৰ বাঁহ।
মিৰি-মিচিমিৰো দোৱান বুজি পালোঁ
নাপালোঁ চেনাইৰে আঁহ॥ ১৫৭।
জকাই ঘূৰি ঘূৰি বাবাঁ, ঐ বান্ধবী,
পল ঘূৰি ঘূৰি বাবাঁ।
কোনোবা শতৰু কিবাটো কৰিব,
তাকে ঘূৰি ঘূৰি চাবাঁ॥ ১৫৮।
দীঘলী বিলতে দি যাওঁ বালি-ভেটা
লাগে চেনী-কুহী মাছ।
তোমাক কেনেবাকৈ নাপাব লাগিলে
লম জৰী গছত ফাঁচ॥ ১৫৯।
চাউল ছাটি মাৰি পাৰ-জাক ধৰিলোঁ,
ফান্দত ধৰিলোঁ হাতী৷
কি দি ধৰিলে শহুৰৰ জীয়েকে,
টোপনি নাহিলে ৰাতি॥ ১৬০।