পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
আকুল পথিক


পথাৰৰ মূৰতে  ধান দাই আছিলে,
 হাতত হেঙুলীয়া কাচি।
বায়েক-ভনীয়েক  দুইজনী সমানেই,
 আনিম কোনজনী বাচি॥ ১৩১।

চুটি-মুটি নাওখন  নাকাটিবাঁ, শহুৰ ঐ,
 গুৰি দি আমনি লাগে।
অবুজন জীয়েৰক  নিদিবা, শহুৰ ঐ,
 কথাই আমনি লাগে॥ ১৩২।

উড়িয়ামৰ নাওখন  নাকাট, সমনীয়া,
 গুৰি ধৰি যাবলৈ টান।
যোৰহাট জিলাৰে  ছোৱালী নানিবা,
 কথা বুজাবলৈ টান॥ ১৩৩।

পৰ্বতে পৰ্বতে  বগাব পাৰোঁ মই,
 লতা বগাবলৈ টান।
বনৰীয়া হাতীকো  বৰাব পাৰোঁ মই,
 চেনাইক বৰাবলৈ টান॥ ১৩৪।

হাবিব লাও-কাও  হাতী, ঐ বনৰী,
 হবিৰ লাও-কাও হাতী।
কাৰ তই লগ পাই  হলি ঐ লাও-কাও,
 আগেয়ে আছিলি জাতি॥ ১৩৫।