পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
আকুল পথিক


সপ্তম অধ্যায়

জোনৰ সাৰথি  তৰা, সমনীয়া,
 জোনৰ সাৰথি তৰা।
আমাৰ সাৰথি  আনিম বিয়া কৰাই
 শহুৰৰ ঘৰৰ পৰা॥ ১২১।

জোনৰ লগতে  তৰাটি ওলালে
 আকাশখন শুৱনী কৰি৷
আমাৰ লগত  চেনাইটী ওলালে
 আলি-বাট শুৱনী কৰি॥ ১২২।

শহুৰৰ জীয়েকত  মোৰ মন খালে,
 আহিছোঁ নিবৰ মন।
দিবা নে নিদিয়া  কোৱাঁচোন শহুৰ ঐ,
 তোমাৰ আমাৰ চেনেহৰ ধন॥ ১২৩।

ৰিঙ্ কৈ পহুৰ  শিঙ্, ঐ ৰঙিলী,
 ৰিঙ্ কৈ পহুৰ শিঙ্৷
চেনাইলৈ কপৌ ফুল  পালোঁগৈ বিচাৰি
 চটাই পৰবতৰ টিঙ্॥১২৪।

মইনাৰ গালত চুমা পিচলিল,
 হাতৰ পিচলিল কাঁহী।
এই পাহি ফুলকে  মইনাক দি যাবাগৈ,
 পেলাব মিচিকাই হাঁহি॥ ১২৫।