পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
জনকাব্য়

সেউতী এপাহি,  মালতী এপাহি,
 কেতেকীৰ ঠোৰালি পাহি।
তোমাৰে দেহাটি  পদুমৰ পাহি যেন
 মাণিকি-মধুৰি হাঁহি॥৭৬।

তোক চাই ৰাঙলী,  বান্ধি যাওঁ দাঙৰি,
 নড়া চাই চপাই যাওঁ নাও।
বুকু চমচমায়,  দেহা টনটনায়,
 তোমাক কাহানিকৈ পাওঁ॥৭৭।

দেখিবলৈ শুৱনী  ক’লাকৈ জাৰণি,
 চিৰিলি চিৰিলি পাত৷
তাতোকৈ শুৱনী  চেনাইৰে দুখনি
 কোমল কুমলীয়া হাত॥৭৮।

দিখৌ নৈৰ পাৰতে  কলপাত কাটিলোঁ
 আগলি আগলি চাই।
বিহুৰ তলীতে  তোমাক বাচি লৈছিলোঁ
 ককাল-খামুচীয়া চাই॥৭৯।

গা কিনো চাবা  মালি মাছ যেনে,
 কঁকালটি বীণৰে নলা।
মুখ কিনো চাবা  পূৰ্ণিমাৰ জোন যেন,
 চকু সৰগৰে তৰা॥৮০৷