পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
পানীমিঠৈ

৩৩। টিলিকি নাদৰ পানী খায়। উলুৱনিত জপজপায়।
৩৪। টুপ্‌ টুপ্‌ টুপলি। পানী পালে মুকলি।।
৩৫। ডিঙি আছে মূৰ নাই। পেট আছে ভুৰু নাই৷৷
৩৬। নাখান্তি কন্যা, নুফুলন্তি শাক।
 কি কি মাহৰ ওঠৰটা নাক৷৷
৩৭৷ বৰ সাপ যায়। চিন-চকোৰ নাই৷৷
৩৮। মাক জুতুলি-পুতুলি। পুতেক চোকা টেকেলা৷৷
৩৯। মাকে বৰশী বায়। পুতেকে স্বৰগ চায়৷৷
৪০। মুখ আছে, জিভা নাই। পেট আছে পেটু নাই৷৷
৪১। ৰজাই ভাত খায়। কাঁহীৰ তলে সাপ যায়।।
৪২। ৰজাৰ কাপােৰ। তিয়াব পাৰি, শুকাব নােৱাৰি৷৷
৪৩। ৰজাৰ কাপােৰ। শুকাব পাৰি, তিয়াব নােৱাৰি৷৷
৪৪। ৰজাৰ জৰী। মেলিব পাৰি, চপাব নােৱাৰি।।
৪৫। লৰা কালত দুই শিং, ডেকা হলে সৰে।
 বুঢ়া হলে দুনাই গজে, আকাশত চৰে৷৷
৪৬। লিকিলিকি ডিমৰু, চিকিমিকি পাত।
 পালেং বাবৰি, মাণিকৰ দাঁত৷৷
৪৭। লােগুটি লােফাল, বেঙেনাটি চাৰি ফাল
 সোমাল কাকতী, ওলাব কোন কাল।।
৪৮। লােৱৰ কৰাইগুড়ি খায়।
 সাতখন দেশ ভাঙি যুজিবলৈ যায়।।
৪৯। শোৎমোছ ধুমুচ৷৷
৫০। হাবিত কাহে। ওলাই নাহে৷৷
৫১। হাবিব পৰা ওলাল ডোম্ । তাৰ টিকাত এডাল নােম৷৷
৫২। হাবিৰ পৰা ওলাল বাঘিনী।
 চাৰি ঠেং মেলি হল গাভিনী।।
৫৩। হাতীৰ পেটত মাখিৰ ভােন্-ভােননি।