পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
ৰহৰহী

ৰূপ হলে সোণ। সোণ হলে ৰজাৰ জীয়ৰীও পোন॥
ৰাতি হলে সাতহাল বায়। পুৱা হলে এহালো নাই॥
ৰূপে কি কৰে। গুণে সংসাৰ তাৰে॥
ৰণত পৰি নাপাওঁ দিহ। খাই মৰো বৰ বিহ॥
ৰাৱণৰ খায়, ৰামৰ গীত গায়॥ ৰসতে নাম থবা॥
ৰূপকে চাবানে, গুণকে চাবানে, যেন সৰগৰ তৰা।
একোতেই নিন্দিব নোৱাৰি, নাকটো অলপ খৰা॥
ৰজাৰ ডৰি, বনত বাস॥ ৰজাই কাটে, সমুদ্ৰই বুৰায়॥
ৰজা নাই পাটত। ধৰি কিলায় বাটত॥
ৰৰৈৰ উঠে নাও। নিবুকীয়ে ভাঙে গাঁও॥
ৰোহ পাতিলে, ঠেহ পাতিলে, জিকা দিলো ভাতত।
টপটপকৈ খাই নিলে, এটিও নেৰিলে পাতত॥
ৰাম কৃষ্ণ বাণী। লঠাই শালি ধানৰ
আগ তল গল, গুৰিয়ে নাপালে পানী॥

লোৰ গুড়িকড়াই গালে গালে খাওঁ।
খুদৰ গুড়িকড়াই দেখি ডৰে পলাওঁ॥
লিলিয়া বৰষুণ সিসিয়া জোক।
কথা দি কথা লয় উজনিৰ লোক॥
লুইতেহে জানে বঠা কিমানলৈ বহে॥
লওঁ বাকলি ছাল। সাতোটা সুখৰ এটাও নাপালো,
ঢেকীটোও নাপালো ভাল॥
লেজুত ধৰে বল নিদিয়ে॥ লৌলৌ বিঢ়া ওকণি॥
লবৰ মন গল আঁচুৱলীয়া ৰিহা, হাতেও নহলো কাজী
যাবলৈ পিলিঙা ডেকালৈ, কপালত নাহিলো সাধি॥
লৰা নষ্ট হাটত। বোৱাৰী নষ্ট ঘাটত॥
লাজত নবয় ভাৰ। জোলোঙাই ছিঙে কামিহাড়॥
লগৰ বুঢ়ীয়ে পিণ্ড খায়। মই কিনো আছো চাই॥
লৰাই পানী পেলায়। বৰ পিছলি পৰে।
লাহতী মৰিছে লাহত। পৈয়েক মৰিছে কাহত॥