পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
জনকাব্য

ৰাজহুৱা কথাই ফটাজালে একে॥
ৰাখে হৰি মাৰে কোনে। মাৰে হৰি ৰাখে কোনে॥
ৰঙৰ কিল গুৰুলাগুৰুল। খঙৰ কিল লপাথপা॥
ৰামো নাই, অযোধ্যাও নাই॥
ৰজাৰ ধন, ভোট গিৰিহঁত।
ৰজাই ভাল বোলে যাক। ভেটিও নালাগে তাক॥
ৰণত পৰি কলীয়া হলো। তেল নাই ফপৰীয়া হলো॥
ৰজাৰ ধনত ভোট গিৰিহঁত॥ নখ জোকাৰিলে নদী॥
ৰামকো হৰি। ডোখোৰাকো নোবোলো খৰি॥
ৰামৰ কাৰ্য্যত লাগি বৈদ্যে কৰে হেলা॥
ৰান্ধনীক উচটাই জোল খা॥ ৰাতিটোতে হাতীটো॥
ৰজাক চিনিবা দানত। হাতীক ফানত, ঘোৰাক কাণত॥
ৰাজহংসৰ গতি ধৰি ঘনচিৰিকা ফেৰেকা হল॥
ৰূপে ঢলি ঢলি পৰে, সোণে ঢলি ঢলি পৰে।
চাই থাকোতেই বাতি অহা যেন কৰে॥
ৰুলো শিলিখা ফল। শিপা নাযায় মাটিৰ তল॥
ৰাম নৌহওঁতেই ৰমায়ণ॥ ৰথত তুলি জখলা কাট॥
ৰাতি আলে জালে। দিনত কাটে ভোমা-নালে॥
ৰান্ধিব নাজানো, বাঢ়িব নাজানো, লোকক সুধি
সুধি ফুৰো। ব’ব নাজানো, কাটিব নাজানো,
লোকৰ শালে শালে ফুৰো॥ ৰাইজ ঔ, ৰজাৰ শৰণ।
ঘৈণীয়ে মাছ খায়, বোন্দাৰ মৰণ॥
ৰহতৰ বহত। খাই ল সিন্ধিচোৰ পৈয়েৰৰ যহত॥
ৰজাৰ এঘৰ, প্ৰজাৰ এঘৰ, তাৰ মাজত তোৰো এঘৰ
ৰবি ৰবি সুখীয়াৰ জীয়ৰী, আহুধান পকিলেহে ভাত।
ৰণমুখে চিপাহী। ঘৰমুখে বঙালী॥
ৰুলে খায়, দিলে পায়॥
ৰোটোক টোকাওঁ। শেন মেলি চকুত খোটাওঁ॥
ৰজাই বিচাৰে জগৰ। দোকানীয়ে বিচাৰে নগৰ॥
ৰোহ কৰি নাখায় বালকজন। দুখ পায় সৰ্ব্বক্ষণ॥
ৰজা হলে এটা চকু কণা, এখন কাণ কলা॥