পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
ৰহৰহী

মহলৈ নমৰো যহলৈ মৰো।
ফটা আঁঠুৱাখন টিঙালিকৈ তৰো॥
মাৰি খোৱা হাঁহৰ কিহৰ মুখলৈ চোৱা॥
মাজ তালুত সাপে খুটিলে। ধৰণিলৈ ঠাই নহলে॥
মেলত ঘাটি ঘৰত ৰোহ॥ মাছৰ তেলেৰে মাছ ভাজ॥
মোৰ জী বিকৰে যায়। ৰাইজে পিঠাগুড়ি খায়॥
মহন্তৰ চিন মাহনিত। বুঢ়া গৰুৰ চিন ঘাঁহনিত॥


যাৰ যহত শাখ-সেন্দুৰ। তাক পাতে ভোকোৰা এন্দুৰ॥
যমে নাজানে একেটি পো।
কমাৰে নাজানে দুখীয়াৰ লো॥
যি কৰে পৰত, তাৰ মিলে ঘৰত॥
যাৰ নাই ঋণ, বুঢ়া গৰু কিন।
যেতেকতে নাটিছে। তেতেকতে ফাটিছে॥
য’তে ৰাতি। ত'তে কাতি॥ যাবে বল। তাৰে চল॥
যেত ল'ৰা তেত বুধি। চুটি চোলাৰ পেট উদি॥
যাৰ নাই কেচুৱা। ঢেকী-ঠোৰাকে নচুৱা॥
যাৰ নাই গৰু। সবাতকৈ সৰু॥
যাৰ নাই বাঁহ। তাৰ নাই সাহ॥
যাৰ নাই ধান, তাৰ নাই মান॥
য'ত শঙ্কা নাই, তাতহে নাও বুৰে॥
যাৰ নাই পাত্ৰ, সি সৱাৰো অপাত্ৰ॥
যি নাপায় চৰণৰ ধূলি। সি মাতে কটাৰ পো বুলি॥
যাচি দিলে নাই সুবৰ্ণতে দৰ। যি দেশ, সি ৰীতি॥
যোৰৰো যোৰ, বিপৰীত যোৰ।
এটি কাণ কটা, এটি চোৰ।
যেতিয়া পাবহি কালৰ বেহা।
পাটীৰ তিৰুতায়ো বুলিব পেহা॥
যেতিয়া মাৰিব ঢোলত চাপৰ।
তেতিয়াহে ল’বা মূৰত কাপোৰ॥