পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
জনকাব্য

ভোজৰ ভাতেৰে আকাল নাতৰে॥
ভালে-বেয়ায় গীত৷ গোঁসায়ে বোলে মোৰে হিত॥
ভাতপাতত জাত বিচৰা। ভোজনত বহি কুলৰ বতৰা॥
ভিতৰে গৰল, বাহিৰে সৰল॥
ভায়া কেন? ভায়া আগেয়ে যেন্‌ এতিয়াও তেন্‌।
দেখোতেহে দেখিছা মোক সাধু হেন্‌॥
ভতুৱা কুকুৰৰ ভুক-ভুকনিহে সাৰ॥
ভকত মৌ-গুটি, নাখায় টকৌ-গুটি, শুধভকত কায়।
কেটুৰী পাতত ভকত বহিছে, পিছলি পিছলি যায়॥
ভকত ভোমোৰা। আৰৈ চাউল কোমোৰা॥
ভাৰীয়ে ভাৰ বয়, বাটৰুৱাৰ কেকো-জেকো॥
ভাটিক্‌টিকাৰ পাত। ধান বানিলেহে ভাত॥
ভটীয়া পানীত লচঙা নাও। শুৱনী তিৰি লৰাৰ মাৱ॥
ভাল আহিলি আজি। ঘৰত মগু মাহৰ গাজী॥
ভাই ভাই ঠাই ঠাই, ভাইৰ মান মিত্ৰ নাই।
ভাইৰ মান শত্ৰু নাই, ভাই হেন বন্ধু পাবলৈ নাই॥
ভগা নাৱত নিদিবা ভৰি। তাত নাই বিস্তৰ কড়ি॥
ভাই ভাই লগে নমৰে। গছৰ পাত লগে নসৰে॥
ভাবিলে ভাবক পায়। নাভাবিলে একো নাই॥
ভাল আমৰ এচকলা। সজ্জনৰ লগত এবেলা॥
ভূতক ভূতে পায়। ভোকৰ ভাতত কুকুৰ বৈৰী॥
ভঙা জাখে ভঙা কুক্ বস্তু মুলি মানে।
সাতাম-পুৰুষীয়া কোমোৰা মোৰ ঈশ্বৰেহে জানে॥
ভাৰৰ লৰফৰ সাঙী, মাছৰ লৰফৰ বামী।
মাতৰ লৰফৰ বোবা, জাতৰ লৰফৰ ধোবা॥
ভুৰা (গাহৰি) চাই ভুৰী। বিধতাই থৈছে যুৰি॥
ভালে পায় ভালক। জাবৰে পায় খালক॥
ভুঁই লবা কোঙা। মহ কিনিবা মেনা॥
বেটী কিনিবা মেচী। বোজা দিবা হেঁচি॥
হালোৱা বিভঞ্জমুৱা। দুভাগ নিশা বিচাৰে গুৱা॥
ভয়ত ভগৱন্ত পলায়। কিললৈ বাসুদেৱে ডৰায়॥