পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
ৰহৰহী

পানীৰ বাটত নহবা আগা। দুখী কুটুম্বৰ নহবা
লগা॥ দুষ্টা ভনীৰ নহবা ভাই।
ঘন-পোৱাতীৰ নহবা জোঁৱাই॥
পিতা-পুত্ৰৰ কন্দল বাজে। পুত্ৰক দণ্ডে পণ্ডিতৰাজে
টিকাত নাই মূৰত পাগ। সি হয় দেহতকৈ আগ॥
পেটত নাই ভাত। ৰজাই কৰে উৎপাত।
পাৰ পালে যুবয়াই মূৰত মাৰে লাঠি।
আৰু নো কি যুবয়াৰ উজান-ভাটী॥
পাটকাপোৰে কঁকাল কাটে, কানি পিন্ধিবৰ মন॥
পানী পাই বাঢ়িলে পানীৰ কলমৌ,
তেল পাই বাঢ়িলে চুলি।
মাকৰ ঘৰত জীয়াৰী বাঢ়িলে যেনে দাম কলৰ পুলি৷
পাণৰ গুচালে পোক। শোৱা ঢাৰিপাটীত
ধুলি-মাটি পালে, সেইহে এৰিলে তোক॥
টিকাত খালে উয়ে। আহ, পলাই যাওঁ দুয়ে।
পাটীয়ে পাটীয়ে শোৱে, গায় গায় নালাগে।
পুৰা, ভিতৰতে ঘূৰা। আঁঠিয়া, বাহিৰলৈ দলিয়া॥
পানীত হাঁহ নচৰা॥ পেটত হাত-ভৰি লুকা॥
পথাৰৰ মাজৰ মুঢ়া। পেপা বলি অহা ডেকা॥
পচলাত দাঁত ভাগ। পছোৱাৰ লগত লৰ॥
পথালি চকুৱা মনিচ॥ পনিয়ল পিটিকা দে॥
পোহাৰী-পৈয়েক সাক্ষী॥ পোঁতনি থেকেচা দে॥
পণ্ডিত, তপে-জপে খণ্ডিত, ভোজনত ব্যাঘ্ৰ অৱতাৰ।
পাণৰ নাকাটিবা চান। সাতখন কোৰৰ কঁড়িয়া
গঢ়াই দিম, জোকাৰিবা লেৰেলা কাণ॥
পাই পৰৰ ধন, বাপেকে-পুতেকে কৰে কীৰ্ত্তন॥
পোক লগা বিৰলী ওপৰ-চাঙত শোৱে॥
পোলৈ বোৱাৰী চাওঁ। ঘূৰি ঘূৰি মোলৈহে পাওঁ॥
পদ আপদ, কীৰ্ত্তনে মূৰ টিংটিঙায়, ঘোষাই ৰায়জায়।
পিপৰাত দিলে গুলি। এটা পিপৰাই নটা হাতী
গিলিলে, তলপেট খজুৱাইছে বুলি॥