ডালত টোকৰ মাৰিলেই গম পায়॥
নেগুৰ কাটি বাঘ চোঙত মেল॥
কটাৰি দি লৰাক কুহিয়াৰনিত মেল॥
নাদৰ পানীয়ে গা জুৰ নকৰে, নৈত নপৰে মানে।
নিলগৰ চেনেহ গা জুৰ নকৰে ওচৰত নহ’লে মানে॥
নবঞ্চিবৰ কন্যাৰ ওঁঠৰটা মত॥
নগৈ গড়গাঁৱৰ বাতৰি॥ ন-মহীয়া ছোৱালীৰ
দহমহীয়া পেট। পৰ পুৰুষেৰে নাই ভেটাভেট॥
নিজ হাত, জগন্নাথ। পৰ হাত, ছুৱা পাত॥
নিলগৰ পৰা চুমাটো দিছে।
গালৰ আদ্খন ছিঙি নিছে॥
নাচ বগী নাচ, ঘাটৰ চেলেকনা মাছ।
তয়ো বগী, ময়ো বগী, একেখন বিলৰে মাছ॥
নোপোৱাৰ সময়ত গোঁসায়েও চেঙা মাছ খায়।
নিয়ে থয় কৰে হিত। তাকে বোলে পুৰোহিত॥
দিয়ে থয় কাৰে মান। তাকে বোলে যজমান॥
নাকান্দ লৰা, পাবি। বাপেৰ গৈছে কল ৰুবলৈ,
থোক মেলিলে খাবি। নেগুৰত ধৰি ওলম॥
নাজানি খালোঁ আঁঠিয়া কল। হে প্ৰভু, ৰক্ষা কৰ॥
নাচিব নাজানে চোতালখন হাৰামগৰীয়া॥
নাও বুৰি তলি পালেগৈও টিঙৰপৰা নানাম॥
নিজ দেশত ঠাকুৰ। পৰ দেশত কুকুৰ॥
নাই মোমাইতকৈ কণা-মোমায়োই ভাল।
নাৱৰ গৰ্ভে মাৱৰ গৰ্ভে সমান।
নকলে নোৱাৰি ফটা মুখ। কলে পায় ভকতে দুখ॥
নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গ কৰ॥
নাখাওঁ তাইৰ হাতে ভাত, ঘূৰি পাতোঁ তাইতে হাত॥
নাগিনীয়ে লৰা পায়, নগাই জাল খায়॥
নগা, নিৰ্মালি ল। হোৰাতে থ॥
নাকত লাগিল পাক। মহা ভকতৰ ছিদ্ৰ লাগিল,
মেধি পাতিম কাক॥ নিলগৰ টো নিলগতে মাৰ॥
পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
জনকাব্য