পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
ৰহৰহী

নোৱাৰো ঘৰ।
পটীয়াৰ পাটী, কিনি লব
নোৱাৰো, ছকুৰি কৰিছে দৰ॥
দল টানে যি, মাগুৰ খায় সি॥
দুই, নাৱত দুই ভৰি, ৰক্ষা কৰা হে হৰি॥

ধন আহিছে পল-বোকাত পৰি।
ধপাত লগাই দে এচিলিম কৰি॥
ধানপুৰীয়া কঠাল। পাতৰ আঁৰত লুকাল॥
ধানটোৱে পতি কণটো। মানুহটোৱে পতি মনটো॥
ধন লবা লেখি, বাট বুলিবা দেখি॥
ধন বাঢ়িলে মন বাঢ়ে। ধনেৰে মৰিশালি বান্ধ।
ধাৰেৰে নামাৰি গদিৰে মাৰিছে।
ধন মহঙলৈ গ'ল। লোণভাৰ পেলাই,
মাটিভাৰ অনিলে, ঠাই মচিবলৈ হ’ল॥
ধনলৈ কৰিলি মন। অকহি পুৰুষক নৰকত পেলালি,
জীৱৰো মৰিলি কণ॥ ধান পকে মানে
টুনীৰ মৰণ॥ ধৰ্মৰ জয়। অধৰ্মৰ ক্ষয়॥
ধাৰ কৰা ধানেৰে খুন্দা পিঠাগুড়ি,
মাৰো বুঢ়ীগৰু চুঁচি। ধনেই ধৰ্মৰ মূল॥
ধিনদাও ভদৰ কলি। মাটিতো নোশোৱে,
পাটীতো নোশোৱে, তাক থম কেনে কৰি॥
ধোবাই নাজানে কাৰ কপোৰেৰে মৰিব॥
ধন দিল ধোবাই। মেখেলাকো কোবায়॥
ধনতকৈ ঢেকীঠোৰাটো ডাঙৰ নহয়।
ধৰ্মৰ সূক্ষ্ম গতি॥ ধুতিত বিধুতি হল।
শৌচকৰা গাৰে ভাতগাল ৰান্ধিলে ঔ-বখলীয়া হ;ল॥
ধিন্ দাও বগৰি পাত। এইপিনে নাহিবা,
ফুকনৰ টেকেলা, ৰিহা নাইকিয়া গাত॥
ধন মহঙলৈ গ'ল। কথা দু-আষাৰমান