পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৯
ৰহৰহী

নদীয়াল চহকী হ’ল, চুকত পাৰিলে তুলি।
উলিয়াই পেলাই দিলে গা শুংশুঙায় বুলি॥
ডোমৰ লগত মাৰো চিতল।
মৰিয়াৰ লগত খুন্দো পিতল॥
ডাইনী গঞা ডোম৷ ক’লা বিৰলীৰ নোম॥
ডোম, সাজিব নাজানে টোম৷
যি এটা সাজে, সিও লোধোম-ধোম॥
ডলাৰ বগৰি যেনে, বগৰাৰ গতি তেনে।
ডেকা কালত ল’ৰা হ’লে কান্ধৰ লয় ভাৰ
বুঢ়া কালত ল’ৰা হ’লে চুমা ছ’টাই সাৰ॥
ডাঙৰ মাছ জাল ফালি যায়।
সৰু মাছক ধৰা পেলায়॥
ডেকা কালত আৰ্জিবা। বুঢ়া কালত ভূঞ্জিবা॥
ডিঙিত ফটাকানি, মূৰত পাগ।
তাইহে হৈছে সবাতকৈ আগ॥
ডালৰ কপটীয়া শেন্। সিফালৰ বাতৰি কেন্।
ডাবিত সুৰাসুৰ কঁপা॥ ডবনি পিটি খা॥
ডৰিত বান্দৰ নাচ॥ ডাল জোৰা দে॥


ঢেকীটো লৰক-ফৰক, কতৰাটো বেঁকা।
কোন কেহেলৈ গ’ল, আমি তাৰহে লগা॥
ঢাপত গজা। সবাহলৈ গ’লে মিঠৈ নোপোৱা॥
ঢোলে কৰিলে দাঁও॥ ইয়াত থাকিলে গা জুৰ নকৰে,
বিহু মাৰিবলৈ যাওঁ॥
ঢেকীত ম’হে খালে। উৰালত ফৰফৰালে,
কটৰাই সাদিনলৈ জৰালে॥
ঢেকীশাল ফুৰিলে খুদৰ কি আকাল॥
ঢাপত ঢপলিয়াওঁ। কটনা কাটি পৈটো পাইছোঁ,
কলৈকো নপঠিয়াওঁ॥ ঢোলৰ লগত টেমেকা॥
ঢকাক বুলি যাওঁ ছেৰপেটী পিঠা, ভুকুক বুলি যাওঁ