পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
ৰহৰহী

আপোন ভালেই জগত ভাল॥
জানোবা উজান-ভাটী, নাইবা গুৱাহাটী॥
জনমত নাই কৰম। কুৰীয়াৰ ভৰিত খৰম॥
জাত লৈ পাত। কঠিয়া ধানৰ ভাত॥
জপজপ্ কৰে জপীয়া।
নিতৌ যি গা ধোৱে, সি হয় মহা পপীয়া॥
জাতি আছে কুল নাই, আচাৰ আছে বিচাৰ নাই॥
জটৰী কেৰকেৰায়। বেইতা পৈয়ে নিয়ে বিয়া কৰায়॥
জোনে-বেলিয়ে যিমান। তোমাৰে মোৰে সিমান॥
জীৱ দিছে যেয়ে। আহাৰো দিব সেয়ে॥
জেঠ মহীয়া পকা আম, যেই সেই জোপাই সোৱাদ॥
জানা কুন্তীৰ সুত। কলিত ভকতেই ভূত॥
জ্ঞাতিৰ সমান শত্ৰু নাই, দৈৱৰ সমান বল নাই।
জুপুৰা হাবিত হে বাঘ থাকে।
জল, যোনী, ভাত। এই তিনি হিন্দুৰ জাত॥
জ্বৰে এৰিলেও কৰ্পটীয়ে নেৰে।
জ্ঞানীৰ কি সৰু-বৰ। গুৰুৰ কি ভিন্-পৰ॥
জীয়ৰী চাবা মাক ভাল। মাটি কিনিবা মাজ খাল॥
জলা, জোল, জাল। এনে নহ'লে আঞ্জা নহয় ভাল॥
জাপি, লাঠি, টনা। ইয়াক নিনিলে দিনতে কণা॥
জোৱায়ে নিলেও নিয়া। যমে নিলেও নিয়া॥
জুতিৰ হাল, জুতিৰ ফাল, জুতিৰে বাবা সৰ্বতিকাল॥
জাত ইচ্ছাই পাত। বিধান ইচ্ছাই ভাত॥
জ্বৰৰ দাঁহত বেৰত লঠিয়ায়॥ জী মৰা জোৱাই॥
জহৰা তিৰীৰ বহৰা কথা জাত গুণে কঠিয়া॥
জোনাকত হেৰাল। আন্ধাৰত বিচাৰ॥
জানোতেও জানে। খেকেৰু নি পোৰামাছত সানে॥
জলকীয়াৰ ফুলে বোলে মই প্ৰাণৰ বৈৰী। নোখোৱা
ভাতক, খুৱাওঁ চাৰি গাল, জিবা লৰফৰ কৰি॥
জেওৰা দি বেৰোঁ। কথাষাৰি নোকোৱা মানে নেৰোঁ॥
জাজৰি-জোজোৰা খাওঁ। বুঢ়ীকাৱৈৰ লগ নাপাওঁ॥