পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
জনকাব্য

মৰিলে দিব কি বিৰি-আঙঠী॥
জোৰৰ আগত কি বাতিৰ পোহৰ॥
জোৰ পুৰি বৰলাৰ হাত পালেহি॥
জ্ঞানীক ভাত দিলে তলমূৰ কৰি খায়।
অজ্ঞানীক ভাত দিলে চাল-বেৰ চায়॥
জীৰ সম্বন্ধে জোঁৱাই। পোৰ সম্বন্ধে বোৱাৰী॥
জোঁৱাই, লগত টোৱাই এই তিনটি কোন।
তিনি মেৰীয়া বামী মাছ, চাঙত নাই লোণ॥
জগৰ বা লগালোঁ কি। মাতোঁ হাঁহকণী দি॥
জল্ জল্ পট্পট্ দৈৱকীৰ গভুৰা ল’ৰা॥
জীৱন্তে নকৰিলে দয়া।
মৰিলে কি কৰিব গঙ্গা গয়া॥
জেঠেৰি বৈনাই হাল। কিহৰ পাল-এপাল॥
জানই যদি ধন তাকৰ।
কিয় ছোৱ আহোমণীৰ কাপোৰ॥
জী তুলিলোঁ, জোঁৱাইৰ বুকত।
পো তুলিলোঁ, বোৱাৰীৰ বুকত॥
জাপিয়ে টুপিয়ে, সৰু ঘৈণী গোপীয়ে।
ঢেকীয়ে থোৰায়, বৰ ঘৈণী খোৰায়॥
জুই-আঙঠা কাপোৰেৰে ঢাকিব নোৱাৰি॥
জীৰ লগত এড়িয়াৰ সাৰ। পোৰ লগত মাধ-মাৰ॥
জীয়ৰী বহে গা উলহে। জীয়ৰী নবহে পাঁজৰি খহে॥
জুহাল নষ্ট কৰে জেওৰাৰ খৰি।
ঘৰ নষ্ট কৰে ডকৰীয়া বুঢ়ী॥
জীয়েই যাওক বা জোঁৱায়েও যাওক।
পো-বোৱাৰীৰ মাথোন ঘৰখন হওক॥
জীৰ নাতি, জপনা কাতি। পোৰ নাতি, ধৰে আঁতি॥
জীটী লোকৰ পোটি বুকৰ॥
জীৰ জোঁৱায়ে নুপুহিলে নাতীৰ জোঁৱাইলৈ আশা।
নাতীৰ জোঁৱায়ে নুপুহিলে কলৰ তলত বাসা॥।
জী ভালেই জোঁৱাই ভাল।