পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জনকাব্য

মুখলৈ কি চাবা,  দোলা-দাপোণ যেন,
 কঁকালটি বীণৰ গোট।
হাতলৈ কি চাবা  হাতীৰ শুড় যেন,
 কি নো কলাফুলৰ গোট॥২৬।

দলনিৰ ওপৰে কি চৰাই উৰিলে,
 কিনো খাই মলঙিল্‌ ঠোঁট।
একে বগীতৰা সোণৰ গিলিপ মৰা
 দাপোণ চাই মাৰিছে ফোঁট॥২৭।

হাতৰ শুৱনী হাতৰ গামখাৰু,
 কঁকালৰ শুৱনী ৰিহা।
শিৰৰে শুৱনী  দীঘলকৈ সেওঁতা,
 গলধনৰ শুৱনী খোপা॥২৮।

জাংফাই কেৰুযোৰ, পনিয়লী বাখৰবোৰ,
 কাণত জিক্‌মিক কৰে।
চেনাইটীৰ ফাললৈ চাবকে নোৱাৰি,
 জালুক জলকীয়াই পোৰে॥২৯।

দেহী ঐ লাহৰী,  দেহী ঐ সাদৰী,
 কোনে চাই থাকিব পাৰে।
সোণতে সুৱগা মুগাৰে মেখলা,
 মোৰ মন কেনেবা কৰে॥৩০৷