পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
জনকাব্য

উহুৰ-মুহুল বিয়া। ঢেকীথোৰাটো পাতত দিয়া॥
উভতি নাচিলে যখে পায়॥
উৰহৰ খঙত ভগা ঢাৰি কোবা।
উঠুৱাই মাৰিলে কাঠী। জালোৱা কৈৱৰ্তৰ
সাতজনী তিৰোতা, শুবলৈ নাটিলে পাটি॥
উৰুখা ঘৰত বাৰিষা থাকে।
যুৱতী কন্যা বাপৰ ঘৰত ৰাখে॥
তিনি চাৰি খায় গোট। শ চাৰেক ভৰায় ৰূপ॥
উপকাৰীক অজগৰে খায়। হৰি বিনে কেও নাই॥
উপায় গ’ল ওপৰক। বুদ্ধি গ’ল ভিতৰক॥
উইচিৰিঙাৰ জুইত পৰি মৰিবলৈ পাখি॥
উচটাই গাই গৰু হাল বোওৱা॥
উপজিয়ে গোট ভাত গোটে গিলা॥
উভলা গছ দেখি আটায়ে বাগী কুঠাৰ মাৰ॥
উলুৰ লগত বগৰি পোৰ।
উৰহি গছৰ ওৰ॥ উৱাই ৰাতি পুৱাই॥



এনেয়ে মৰিছোঁ ঋষিৰ শাপত।
তাতে দিছে ধানৰ ভাপত॥
এনেয়ে বিৰলী গেলা। তাতে পৰিছে চাঙৰ পৰা॥
এটীয়া মুগাৰ কিহৰ ভৰপক॥
এডোখৰ কুটা দুডোখৰ নকৰ।
এড়িমূৰী জাপৰী, খৰেখাতী ফাপৰী, নাপাই হে
আনিলো তোক। সমনীয়াৰ আগলৈ
নোলাবি ফাপৰী, খেজালি মাৰিব মোক॥
একে কাঠি কাঁড়ে সাতোটা হৰিণা মাৰিলোঁ,
লোকক নকলো লাজে। ছমাহ খাপ দি নিগনি
এটা মাৰিলো, তাতে ধনঞ্জয় ঢোল বাজে॥
একেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া॥
এতিয়াহে পালেহি ঘৰ-পতা পৈ।