পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
ৰহৰহী

আলচা কথা নহয় সিধি। বাটত আছে কণা বিধি॥
আগত এটা পিছত এটা হ’লে অকলে যাব পাৰি।
গাখীৰ গুৰ লগত হ’লে, শুদায়ে খাব পাৰি॥
আঁৰিৰ মূৰা ঘিউৰ চপৰা জোঁৱাইৰ পাতত দে।
ৰৌৰ মূৰা গছৰ মূঢ়া মোক আনি দে॥
আলহীলৈ বুলি হাঁহ মাৰে, গোটঘৰে খায়॥
আগেয়ে আত্মতুষ্টি, পাছত জগত তুষ্টি।
আগেয়ে আত্মাকৰম, পাছত পিতৃকৰম॥
আচৰণ বিচৰণ ফেঁটীগোম সাপ।
আচৰিব নাজানিলে খাই মাৰে তাক॥
আলহী নাই, আহুকালো নাই। বিষয়ো নাই,
জঞ্জালো নাই॥ আলহী হ’লে আহুকাল,
বিষয় হ’লে জঞ্জাল, তিৰি হ’লে ঘোচামৰ জৰী॥
আহুৰ আৰৈ, শাকৰ পুৰৈ, মাছ পাতত দিয়া ছাই॥
পাণৰ মকৰা চূণৰ চোকোৰা বছৰে মানুহটো খায়॥
আইটী! ছোৱালীয়ে কচু খায়।
আপুনি এৰিব সোৱাদ পাই॥
আগেয়ে আছিলোঁ দালিমৰ পোহাৰী, সদৌৱে
বুলিছিল বাই। গছো লেৰেলিল, দালিমো শুকাল,
এতিয়া সোধোতা নাই॥
আমৰ গছত জাম লাগিল, তেতেলি গছত বেল।
সৰিয়হৰ আঞ্জা কৰি, মাহৰ পেৰে তেল॥
আমৰ গছত ডাব-নাৰিকল, তামোলৰ গছত বেল।
সাতোটা হাতীয়ে আলচখন পাতিছে,
এন্দুৰৰ গাঁতত মেল॥
আলিয়ে আলিয়ে ফুৰো গা ঘেলাই, হাতত
কলখোৱা চৰাই। চকুৱে চকুৱে দৰশন নহলোঁ,
বিধতাই নিদিলে মিলাই॥
আম পাৰিবলৈ হাঁকুতি নালাগে, দালিম খাই
যাওঁ হাতে। আমালৈ ছোৱালী নালাগে,
কটকী, আপুনি নোসোমায় মানে॥