পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
জনকাব্য

আই সৰস্বতী ৰংফুল খৰিকা,
 তোমালৈ মানি যাওঁ পিঠা।
পাহৰা নামকে সোঁৱৰণ কৰিবাঁ
 যেন পাঁজিকটা সূতা॥১৬।

আই সৰস্বতী  ৰংফুল বকুলী,
 তোমালৈ মানি যাওঁ কি।
তোমালৈ মানি যাওঁ শুকুলা ছাগলী,
 মাহ-পৰসাদ দি॥১৭।

আই সৰস্বতী দেৱী পাৰবতী,
 তোমাক বুলি যাওঁ আই।
বতৰৰ গীতকে আমি গাই যাম,
 যি যাবাঁ মনত পেলাই॥১৮।

আই সৰস্বতী দেৱী পাৰবতী,
 তোমাৰ কিএ কিএ নাও।
কণ্ঠৰ গোলাপী, ভোগৰ বিলাসী,
 আমি বুলি যাওঁ মাও॥১৯।

আই বাগ্‌দেৱী  তুমি বীণাপাণি,
 তোমালৈ বঢ়াই যাওঁ শৰাই।
পাহৰা গীতকে তুমি দয়া কৰি
 দি যাবাঁ মনতে পেলাই॥২০।