পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহৰহী

পটন্তৰ-মালা

অমাতৰ মাত। আকালৰ ভাত॥
অনো নাই। বনো নাই॥
অজ্ঞানীক জ্ঞান দিয়া। গৰুচোৰক বোধ দিয়া॥
অসতীৰ সদ্ জ্ঞান। গৰুচোৰৰ গঙ্গাস্নান॥
অবুজনক বুজোৱা। ঢেৰুৱা ঠাৰি সিজোৱা॥
অলপ জুইৰে ধপাত নাখাবা,
সৰু মানুহৰে কথা নহবা॥
অমানুহে মানুহ নিন্দে, জোনাকীয়ে সূৰুয নিন্দে॥
অতি কথা নুযুৱায়। দুখৰ ৰাতি নুপুৱায়॥
অশালাগী আউনী পাণ। খালেও নধৰে ৰাঙ॥
অভ্যাসৰ নৰ। কৰ্ণপথে কৰে শৰ॥
অধিক মাছত বগলি কণা॥
অতি-শ্ৰী হত-শ্ৰী। অতি ভক্তি চোৰৰ লক্ষণ॥
অচিন কাঠৰ থোৰাও নলবা॥
অতিদৰ্পে হতালঙ্কা। অহুকাণে পহুকাণে শুন॥
অতিকৈ গাল মাৰিলে মুখ ফাটে॥
অভাৱত স্বভাব নষ্ট॥ অনাভ্যাসে হতা বিদ্যা॥
অলপ অৰ্জন, বিস্তুৰ ভোজন।
সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ॥
আঠাই সাগৰত কাঠিজাল॥ অকৰা মৈত উঠিল।
অজান ফকীৰেও কয়। দিন গ’লে ৰাতি হয়॥
অভাগীৰ কপাল। হাঁহকণীতো কুহুম নোলাল॥
অলপ ধনৰ গিৰি। শোভা মানুহৰ শ্ৰী॥
অমৰ মৰে, অজ্বৰ জ্বৰে, মৰাই বায় হাল। লক্ষ্মীৰ
টিকাত ফটাকানি, মোৰ নাম নিধনীয়েই ভাল।
অ’ত ঠিয়, ত’ত ঠিয়।
আলহী আহিছে নোসোধ কিয়॥