পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
পুতলি

বোপায়ে বুলিব–মোৰ আই আহিছে,
 চুকৰে হাঁহিনী মাৰোঁ॥
ককায়ে বুলিব–মোৰ ভনী আহিছে,
 ভাল তামোল এথুকি পাৰোঁ।
বৌৱে বুলিব—মোৰ ননদ আহিছে,
 মূৰতে তলিয়া ফালোঁ॥
আইলৈ আনিছোঁ শালৰ বৰ কাপোৰ,
 বোপাইলৈ আনিছোঁ খাৰ।
ককাইলৈ আনিছোঁ মুগাৰ বৰ চুৰিয়া,
 বৌলৈ বাঢ়নিটাৰ॥

মোৰ বোপাই লাহৰী, ঘিলা গল পাহৰি,
 কিহেৰে ওমলে গই।
চেনেহৰ ককাইদেউ আছে ঘিলা খেলি,
 তাতে ওমলা গই॥
মোৰ বোপায়ে সৰু, ৰাখে বৰে গৰু,
 এচাৰি হেৰুৱাই কান্দে।
এচাৰি হেৰুৱাই ঘৰলৈ ৰিঙিয়ায়,
 দিয়কহি এচাৰি সৰু।
লোকৰ ধানে খাব, মৰিয়াই মাৰিব,
 লৰুৱাই নিবগৈ গৰু॥
লাই হালে জালে আবেলি বতাহে,
 লফা হালে-জালে পাতে।
আমাৰে বোপাটি হালিছে জালিছে,
 কালি দুপৰীয়াৰ ভাতে॥

ৰাধাই বোলে, কৃষ্ণাই! আমাক পাৰে কৰা,
এই যমুনাৰে জল, ঔ গোবিন্দাই ৰাম॥
তেতেলি তলতে  কৰোঁ তাঁতে বাতি,
 পাহৰি আহিলোঁ কুঁচি।