পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
জনকাব্য


ধন ধেমেলীয়া, মোৰ মন বলিয়া,
 থাকে ঘিলা খেলি বাটত।
মনৰ কথাষাৰ  কবলৈ নাপালোঁ
 শতুৰু থাকিল আগত॥ ৭৬০।


উনচত্বাবিংশ অধ্যায়

কত কেল্ কেলাৱ ভদীয়া কাউৰী,
 বাতৰি আনিছ কি।
তাই নিদাৰুণী  মৰম লগাই গৈছে,
 বুকৰ সুমথিৰা দি॥ ৭৬১।

আলিবাটে যাৱতী  মোৰ মানুহজনী,
 উলটি নাচাৱ কিয়। .
মোলৈ আহিম বুলি  পিৰিতি কৰিলি,
 এতিয়া এৰিলি কিয়॥ ৭৬২।

উলটি নাচাবি  মোক তই বান্ধৈ ঐ,
 পালটি নাচাবি মোক।
গড়া কুমলীয়া  পিচলি পৰিবি,
 মোৰ গাত নিদিবি দোষ॥ ৭৬৩।

চৰাই-হাবি বিলতে  চৰাইজাক-পৰিলে,
 মাছ পৰিলেহি বিলত।
সপোনত দেখিলোঁ,  গাত হাত দিছিলোঁ,
 মুখ দি আছিলোঁ গালত॥ ৭৬৪।