পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
বিহুৱতী

ই নৈও আমাৰে,  সি নৈও আমাৰে,
 ব্ৰহ্মপুত্ৰ আমাৰে নৈ।
আঙুঠি হেৰালে  বিচাৰিব নালাগে,
 ঘৰতে সোণাৰি পৈ॥ ৭৫৫।

নাচনী নৰিয়া  পৰিল, সমনীয়া,
 নাচনী নৰিয়া পৰিল।
নাচনীৰ দেওলৈ  কুকুৰা কাটিলে,
 নাচনী উঠিয়ে বহিল॥ ৭৫৬।

পৰ্ব্বতত মৰি গল  ৰাঙলী হৰিণা,
 ভৈয়ামলৈ পেলালোঁ টানি।
হাঁহিবৰ চলেৰে  কান্দি পঠিয়ালোঁ,
 চেনাইৰ বিয়া হব শুনি॥ ৭৫৭।

ঢোলকে বাবৰে  তিনিটি আঙুলি,
 মাজৰে আঙুলি লৰে।
যতকে লৰে ঐ  মাজৰে আঙুলি,
 ততকে জেউতি চৰে॥ ৭৫৮।

তোক আনিবলৈ  মোৰো মন গৈছিলে,
 তোকে কেনে কৰি পাম।
ৰবি পানীঘাটত, নিবি ধৰি হাতত,
 দুয়ো একেলগে যাম॥ ৭৫৯।