পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
জনকাব্য

টেকেলি পৰিলে  নাদত, সমনীয়া,
 টেকেলি পৰিলে নাদত।
আমাৰে নাচনী  লৰ মাৰি সাৰিলে,
 ঢুলীয়া পৰিলে ফান্দত॥ ৬৯০।

বাঁহৰে আগতে  পৰে কাম চৰাই,
 পৰে হেন পৰে হেন দেখোঁ।
আমাৰে নাচনী  নৰিয়া পৰিলে,
 মৰে হেন মৰে হেন দেখোঁ॥ ৬৯১।

ঢোলত চাপৰ মাৰি  ঢুলীয়া ওলালে,
 বহি বৈ আছিলোঁ তাঁত।
সেন্দুৰৰ পুৰিয়া,  গোন্ধ তেলৰ ছিছা
 আৰু হল আথানি ভাত॥ ৬৯২।

চামগুৰিৰ হাটতে  ঢোলে গিৰ্‌গিৰায়,
 ঢোলৰ কি-এ কি-এ নাও৷
এটা আমৰি,  এটা চামৰি,
 বাঁহৰ টকা সাজি বাওঁ॥ ৬৯৩।

টকাৰ সৰু সৰু  মাত, সমনীয়া,
 টকাৰ সৰু সৰু মাত।
টকাৰ মাত শুনি  ৰবকে নোৱাৰোঁ,
 এৰি যাওঁ পেটৰে ভাত॥ ৬৯৪।