এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
বিহুৱতী
এড়িয়াৰ এখনি, কপাহৰ এখনি,
মই বোলোঁ বিহুলৈ যাওঁ।
ইয়ে নিলে এখনি, সিয়ে নিলে এখনি,
তাকে ঐ বিচাৰি যাওঁ॥ ৬৭৫।
চটাই পৰবতত পহুৰ জাল পাতিলোঁ,
অঠাইতে গধূলি হ’ল।
সমনীয়াই সুধিলে কম কি-এ বুলি,
জাল ফালি হৰিণা গ’ল॥ ৬৭৬।
চৰায়ে খাবৰ ধান, সমনীয়া,
উফৰি পৰিবৰ কণ।
অতি চেনেহৰে আমাৰ বিহুতলীত
গজিলে দুবৰি বন॥ ৬৭৭।
শিলে বালি চৰাই গিলে, ঐ লগৰী,
শিলে বালি চৰাই গিলে।
আৰু-বেলি বিহুখন পাতিবলৈ নাপালোঁ,
মটা মহ ৰখীয়া দিলে॥ ৬৭৮।
তাৱৰ চুৰিয়া লেটাই নামাৰিবা,
মাটিত নুবুলিবা শো।
কোনোবাই কৰবাত কঁড়িয়াই মাৰিব,
বাঁৰী দুখুনীৰ পো॥ ৬৭৯।