পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
জনকাব্য

বজাৰলৈ যোৱাঁগৈ,  লংগুটি আনাগৈ,
 দুয়ো মঘা মাৰি খাম।
মহৰ শিঙৰ পেঁপাটি  বনকাই আনাগৈ,
 তোমাৰ লগত বিহুলৈ যাম॥ ৬৭০।

এই বেলি বিহুটি  লৰকে-ফৰকে,
 গুৰিলৈ টানিলে খৰ।
বিহুৰে নাচনি  নৰীয়া পৰিলে,
 ঢুলীয়া পৰিলে জ্বৰ॥ ৬৭১।

নগাৰ চাঙতে  পেঁপাটি বাজিলে,
 ডফলাই বজালে টকা।
জীয়ৰী-বোৱাৰী  বিহুতে বলিয়া,
 তুমি ক’ৰ বিহুৱা ডেকা॥ ৬৭২।

কলীয়া কচুৰে  শিয়া, ঐ বহনা,
 কলীয়া কচুৰে শিয়া।
জীয়াই থাকোঁ মানে  তোমাৰে তিৰুতা,
 বিহুলৈ পঠিয়াই দিয়াঁ॥ ৬৭৩।

কেঁহকলী নিকালী,  কপাহ সূতা ক’ত থলি,
 ঠেহ পাতি নাখালি ভাত।
এপুৰা সেন্দুৰৰ  যোৰ-ফোঁট মাৰিলি,
 ৰঙা ৰিহা মেৰালি গাতি॥ ৬৭৪।