পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
বিহুৱতী

ঢোলে যে বুলিব  ঢিনিকি ঢিনদাও,
 মিদঙে বুলিব তাও।
কাটনি তাঁতে যে  আমনি কৰিব,
 বিদায় দিয়া ঘৰলৈ যাওঁ॥ ৬৫৫।

হাতো পদুমী,  ভৰিও পদুমী,
 ছোৱালীৰ পদুমী নাও।
ওলাই সমিধান ঐ  দিয়াঁ মোৰ পদুমী,
 আমি ৰাইজ ঘৰলৈ যাওঁ॥ ৬৫৬৷

চ’তৰে চকৰি,  বহাগৰ বগৰি,
 জেঠতে আমনা ধান।
গৰু-বিহু দিনাখন  লবাঁ আশীৰ্ব্বাদ,
 তেহে পাবা বৈকুণ্ঠত থান্॥ ৬৫৭।

ঢাপতো নুৰুবা  সিজু, সমনীয়া,
 ঢাপতো নুৰুবা সিজু।
ওলটাই ওভতাই  বিহু-নাম জুৰিছা,
 কিয় খাই যাব ৰিজু॥ ৬৫৮।

পৰ্বতৰ ঢেকিয়া  চিৰিলি চিৰিলি,
 মেকুৰী কৰিবৰ মাও।
ইবাৰৰ দোযকে  খেমা, সমনীয়া,
 হস্তীৰো পিছলে পাও॥ ৬৫৯।