পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
বিহুৱতী

হাত মেলি হাঁচটি  ব’লা, ঐ শিপিনী,
 ভৰি মেলি হাঁচটি বলা।
ৰাইজক এখনি  হাঁচটি নিদিলা,
 কালৈ সামৰি থ’লা॥ ৫৪৫।

শিয়ালে কৰিবৰ  ‘হোৱা’, ঐ শিপিনী,
 শিয়ালে কৰিবৰ ‘হোৱা’।
তোমাৰ যই পেৰাতে  চেলেং নাইকিয়া,
 আমাৰ পৰাই এখনি লোৱাঁ॥ ৬৪৬।

কেলৈ সাঁচিলা  জপাৰ বৰকাপোৰ,
 কেলৈ সাঁচিলা ধন।
জপাৰ বৰকাপোৰ  জপাতে পচিব,
 ধনতো গজিব বন॥ ৬৪৭৷

বৰ আইৰ বৰ  ৰং হ’ল, সমনীয়া,
 বৰ আইৰ বৰ ৰং হল।
আঁচুৱলী ৰিহাখনা  কানতে পেলাই লৈ
 চিকা ৰূপ বিচাৰি গল॥ ৬8৮৷

আমাৰ শিপিনী  চুটিকৈ চাপৰে,
 নাপায় চাঙৰ পেৰা ঢুকি।
যেনে তেনে কৰি  জপাৰ মূৰ মেলিছে,
 তামুলী পিৰাতে উঠি॥ ৬৪৯।