পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
জনকাব্য

ভলুকা বাঁহৰে  আখি, ঐ দেউতা,
 ভলুকা বাঁহৰে আখি।
বতাহ-বৰষুণে  ওন্দোলাই আনিছে
 আমাকে নথবা ৰাখি॥ ৬৪০।

ত্ৰয়োত্ৰিংশ অধ্যায়

বিহুৱতী চৰায়ে  কৰে বিহু বিহু,
 আমাৰ বিহু কাপোৰ নাই।
সমনীয়াই সুধিলে  কম কি-এ বুলি,
 সৰুতে ঢুকালে আই॥ ৬৪১।

ই বোলে শিপিনী,  সি বোলে শিপিনী,
 শিপিনী কিমানৰ কাজী।
ফুলামকৈ হাঁচটি  উলিয়াই নিদিলে
 শিপিনীক ঠেকেছিম আজি॥ ৬৪২।

নৈৰে চাপৰিত  কুঁহিয়াৰ শালখন,
 মূঢ়াকৈ কুঁহিয়াৰ পেৰোঁ।
শবদত শুনিলোঁ  বৌদেৱ ফুলতী,
 খনীয়া নাপালে নেৰোঁ॥ ৬৪৩।

আগফালে এখনি,  পিছফালে এখনি,
 শিপিনীৰ দুখনি শাল।
আমাৰ শিপিনীয়ে  হাঁচটি যাচিছে,
 লাঙিজাল বাবলৈ ভাল॥ ৬৪৪।