এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
বিহুৱতী
খুটিতে পৰিব জীয়াঁ ঐ ককাইদেউ,
খুটিতে পৰিব জীয়াঁ।
তললৈ মূৰকৈ গুণিব নালাগে,
চিকা ৰূপ উলিয়াই দিয়াঁ॥ ৬৩৫।
ঢোলকে বাবৰে তিনিটি আঙুলি,
মাজৰে আঙুলি লৰে।
কালিৰ-এ পৰা ভাত নাইকিয়া,
কাচুটি সুলকি পৰে॥ ৬৩৬।
এনেকৈ নাচিবি, তেনেকৈ নাচিবি,
তোকে ঐ কিহবাই পাব।
জীবটি যাবগৈ যম ৰজাৰ থানলৈ,
ভেলটি শগুনে খাব॥ ৬৩৭।
এইনো কি-এ মাহ, কাতি, ঐ ককাইদেউ,
এইনো কি-এ মাহ, কাতি।
আছে লিখা কপালত, তোমাৰে চোতালত
আমাৰ পুৱাই যাৰ ৰাতি॥ ৬৩৮।
গুৰুকো কৰিবা দান, মোৰ দেউতা,
ভকতক কৰিবা দান।
নমৰা কালতে অ' ৰাম বুলিবা,
তেহে পাবা বৈকুণ্ঠত থান॥ ৬৩৯।