পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
জনকাব্য

আমি যে হুঁচৰি  গাইছোঁ খুচৰি,
 গাওঁ ঘূৰি ঘূৰি নাম।
ডিঙি ফালি ফালি  গাইছোঁ আফালি,
 জানো কুৰি টকা পাম॥ ৫৪৭।

আমি যে হুচৰি,  পেলাম ঐ মুচৰি,
 নাহিবা কাষলৈ চাপি।
নিলগৰ পৰা  চাবা ভাল কৰি,
 মূৰত সৰু দৈয়া জাপি॥ ৫৪৮।

বিহুৱা চৰায়ে  কৰে বিহু বিহু
 গছৰ ডালত পৰি।
আমি যে ৰচকী,  খুজিছোঁ পচকি,
 ডিঙিতে ঘুনুচা জৰী॥ ৫৪৯।

বিহুৱা চৰায়ে  কৰে বিহু বিহু,
 বীণৰ নলা যেন মাত।
গছৰে লতাই ঐ  হালিছে জালিছে,
 ধৰি সেউজীয়া পাত॥ ৫৫০।

মাধৈ তেল ঘঁহিলোঁ, সেওঁতা ফালিলোঁ,
মোলানদৈ ঐ,আহ যাওঁ ওমলোঁ গৈ॥ ৫৫১।

দীঘলী পুখুৰী  খনালোঁ, লাহৰী,
 বন্ধালোঁ সেন্দুৰী আলি।
দাঁতিয়ে দাঁতিয়ে  ফুলনি পাতিলোঁ,
 ৰাখিলোঁ কাজুৱা মালী॥ ৫৫২।