পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
জনকাব্য

হুৰাই ল’ হাঁচটি বাই।
অতি চেনেহৰ বহাগৰ বিহুটি
হাততে মলঙি যায়॥ ৫১০।

ৰঙালী ঐ, টঙালী ঐ!
বহাগৰ বিহুৰ ধেমালি ঐ॥ ৫১১।

ৰৈ বৈ যায়, পিন্ধোতা নাই।
চম্পা-নাহৰৰ কলি না ৰৈ॥৫১২।

হুচৰি বাই ঔ, দলৌ চৰাই।
আমি যে আহিছোঁ হুচৰি গাই॥ ৫১৩।

ই বাৰীৰ বাঁহ ঔ, সিবাৰীৰ বাঁহ।
দুই মাহ ঠেকা খাই গ’ল চ’ত মাহ॥ ৫১৪।

লাও দিবৰ হেডালি, জিকা দিবৰ জেং।
নতুন বছৰ আহি, মেলি দিলে ঠেং॥ ৫১৫।

একোটা জাতী বাঁহৰ তেৰটা কামি।
বহাগ বিহুৰ দিনাখন আহিছোঁ আমি॥ ৫১৬।

ওপৰ ফালে বৰষুণ, তল ফালে বোকা।
হুচৰি গোৱা লৰাহঁতৰ বিলৈখন দেখা। ৫১৭।

ওপৰেদি বৰষুণ, তলেদি বোকা!
চিনা জোকে খাই মাৰে আঁঠুৰ জোখা॥ ৫১৮।

দকৈ পথাৰত পৰিছে, বগ।
মূৰৰ পাগুৰিয়ে খুজিছে লগ॥ ৫১৯।

দ পথাৰৰ শিপা, ইয়াতে মাৰিলোঁ টিপা।
দ পথাৰৰ শিয়া, আমাক সমিধান দিয়াঁ॥ ৫২০।