পঞ্চচত্বাবিংশ অধ্যায়
মৰ নৈ শুকালে মাছৰ বেজাৰত,
লুইত শুকাই মৰে কিয়৷
আমি যে খীণালোঁ তোমাৰে সন্তাপত,
তুমি শুকাই মৰা কিয়॥ ৪৮১৷
নৈ লৈ হালিছে নদালী ভলুকা,
হালে পথাৰলৈ কাক৷
বুকুৰে কামিহাড় হ’ল ডালি ডালি,
কালৈ চিতা কৰি থাক॥ ৪৮২৷
তোৰ ঘৰ সিপাৰে, মোৰ ঘৰ ইপাৰে,
মাজত বৰতানি হাবি৷
খৰি শুকুৱাদি শুকালি লাহৰী,
কাক দিনে ৰাতি ভাবি॥ ৪৮৩৷
ভাত খাই গ’লা তপতে তপতে,
খুটি থৈ গলা চুকত৷
যাবৰ বেলিকা মাত নলগালা,
কথা থৈ গলা বুকত॥ ৪৮৪৷
ভাত খাই যোৱা নাই তপতে তপতে,
খুটি থৈ যোৱা নাই চুকত৷
যাবৰ বেলিকা মাত লগাইছিলোঁ,
নপৰিল তোমাৰ কাণত॥ ৪৮৫৷
ধনসিৰি ভেটিলে জেঙে-জাবৰে
সোৱণসিৰি ভেটিলে কোনে॥
একেখন হাঁচটিত তামোল খাই আহিলোঁ
তাৰো মন ভঙালে কোনে॥ ৪৮৬৷
কোনেও ভঙা নাই, কোনেও ছিঙা নাই,
আপুনি বিগৰিল মন৷
মূৰ-গা ধুবলৈ ঘিলা খুজিছিলোঁ
সিওনো কিমানৰ ধন॥ ৪৮৭৷
মাহৰ বান্ধি গলোঁ টোপোলা-টাপলি,
ঘিলাৰ বান্ধি গলোঁ ফাক৷
উজনি নামনি আমাৰে শতুৰু,
ঘিলা দি পঠিয়াওঁ কাক॥ ৪৮৮৷
আগেয়ে আছিলোঁ দালিমৰ পোহাৰী,
সদৌৱে বুলিছিল বাই৷
দালিম সৰি গ’ল, যৌবন পৰি গল,
এতিয়া সোধোঁতা নাই॥ ৪৮৯৷
লুইতে নাযাবা বালি, ঐ বাইটী,
লুইতে নাযাবা বালি৷
পুৰুষৰ কথাকে নলবা, বাইটী,
তিৰি হৈ জন্মিছোঁ আমি॥ ৪৯০৷