পৃষ্ঠা:টেটোন তামুলী.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


টেটোন।— (আপােনা-আপুনি) ইয়াত আৰু আমাৰ টেটোনালি নাখাটে! জোঁৰৰ আগত বন্তিৰ পােহৰ যেন হে হৈ আহিছোঁ। (ফুটাই ) ক’তা, মইনাে কেতিয়া গপ্‌ কৰিছিলোঁ?

চম্পা।— নাই কৰা গপ্‌। সেই দেখি, আনকো গপ্‌ কৰা বুলি চাব মাৰি ধৰিব নালাগে।

টেটোন।— সমূলঞ্চে ঘাটিলোঁ এইবাৰ ! প্রিয়, তোমাৰ ওচৰত মােৰ বুদ্ধি-যুক্তিও জঁয় পৰি আহিছে।

    (নেপথ্যত লিগিৰীহঁতে গীত গায়।)

টেটোন।— আহা, প্রাণেশ্বৰি । কেনে মধুৰ গীত।

চম্পা।— সঁচা, প্রাণেশ্বৰ! গীতৰ কথাখিনিত মনৰ ভাবটি কেনেকৈ ফুটি ওলাইছে। আহা, শুনি হে থাকিম যেন!

টেটোন।— প্রিয়া! ব’লাঁচোন তালৈকে যাওঁ, চাই চাই শুনোগৈ। নাচিছেও চাগৈ।

    (হাতত ধৰাধৰিকৈ দুইৰ প্রস্থান)।

🢂⍟⍟🢀