পৃষ্ঠা:টেটোন তামুলী.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টেটোন-তামুলি।

আদিছোৱা।

⸺<>⸺

প্ৰথম অঙ্ক।

⸺<>⸺

প্ৰথম পট,—মইনাৰ পদূলি

টেটোন।–(অকলশৰে ইফালে-সফাললৈ টহলি) আহক বাইটি মাছৰ পৰা আজি। মই, বাপেকে এইখিনিতে খালৈৰপৰা পোনেই বৰকাৱৈ এটা আৰু মৰঠি-পুঠি এজনী লৈ বেলেগে খৰিকাত দিমগৈ। বোপাই পথাৰৰপৰা আহি নৌ পাওঁতেই, বাপেকে, খৰিকা-দিয়া পেট পাবগৈ। আকৌ, আইৰ পৰাও আঞ্জাত দিয়াৰো ভাগ ল’ম লহয়, মই বাপেকে। আহক আজি; জাকৈয়া নাহে মানে মানে ময়ো পদূলিৰমূৰৰ পৰা নাঁতৰো নহয়। (অলপ পৰ টলকা মাৰি লৈ) অ’, ভাল মনত পৰিছে। আজি ভিনিহিকো মাতি পঠিয়াইছে নহয়। সেইটো আহি পালে, আমাৰ কাৱৈ মাছৰ মূৰ চোবোৱাটি হৈছে আৰু। আইৰ আৰু বোপাইৰ আকৌ তালৈহে ধাউতি। জোঁৱাই-ল’ৰা আহিব বুলিলেইচোন দুয়োৰে গাত ততেই নাইকিয়া হয়। আজি বাৰু আহক বাপেকে, দেখিম ময়ো।৫৩