পৃষ্ঠা:টেটোন তামুলী.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চম্পা।— (মনতে) ঔ আই! ইয়াৰ মুখখন দেখোন লাওপাতকচুপাত! ই বিকাব লাগিলে মোৰ নাক-কাণ নাথাকে আৰু! তাতোকৈ দেউতাই শুনিব লাগিলে হে মৰিলোঁ! (ফুটাই) বাৰু, ৰংদৈ, সোধচোন, সিনো ক’ত পালে ইমানখিনি ধন।

টেটোন।— ‘ই’ ‘সি’ কৰাটো ভাল নেদেখায়! লাখটকীয়া ভাত এসাঁজ খোৱা মানুহ এজনৰ মান-মৰ্যাদালৈ চাব লাগে। এই ধনেৰে কোনে মান ধৰিছে জানিছা নে? —ন্যায়সোধা ফুকন ডাঙৰীয়াই।

ৰংদৈ।— ঔ আই! আইদেউ, ঘৰৰে ধন দেখোন।

চম্পা।— (ৰংদৈৰ প্ৰতি) বাৰু, তই থাক মনে—মনে! (টেটোনৰ প্ৰতি) ডাঙৰীয়াই নো অতখিনি ধন দি কিয় মান ধৰিলে? ন্যায়সোধা ফুকনৰ মান খোৱা মানুহ আজি হে দেখিলোঁ।

টেটোন।— (হাঁহি মাৰি) হুঁঃ, ইমানতে আচৰিত হ’ব নালাগে। ডাঙৰীয়াই ইয়াতকৈও ডাঙৰ মান আমালৈ থৈছে হ’বলা।

ৰংদৈ।— বাৰু, থোৱাঁ সেইবোৰ কথা। তুমি এতিয়া ইমানবোৰ ধনেৰে কৰিবা কি?

টেটোন।— কৈছোঁ নহয়, বোলোঁ যেয়ে আজি মোক মনৰ জোখায় ভাত এসাঁজ খুৱাব, তাকে ধনভাৰ দি যাম।

ৰংদৈ।— আইদেউ! ঘৰৰে ধনখিনি! অলপ কথাতে যায় এতিয়া!

চম্পা।— এই জনী পাগলী হ’ল নেকি? ঘৰৰ ধন হ’ল বুলি এতিয়া বাটৰুৱা এটাক ভাত এসাঁজ খুৱাই ল’ব পাৰি নে? তাৰ মুখেই কাইলৈ গোটেইখনত ফাটি-ফুটি নোলাব নে?

টেটোন।— সন্তোষ মনেৰে যাচি দিয়া হয় যদি, বাটৰুৱাৰ ধন ল’লে নো কি দায় আছে? আৰু, এইটো বিকাবলগীয়া কথা নহয়। ভাত সাঁজ মনোমত হয় যদি বিকাম কিয়?

ৰংদৈ।— এৰা, আইদেউ, কোনে নো জানিব? তেওঁ ভাৰ লৈ ভিতৰলৈ অহা কোনেও দেখা নাই!