পৃষ্ঠা:টেটোন তামুলী.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চায়) এঃ, নহয় হবলা সান্দহৰ কলহ। কিনো এইটো ঔ? অ, ভাল কথা; লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়। বাৰু, চাওঁচোন বজাই কিনো এইটো। (ঢোলত চাপৰ ধৰে)।

(ঢোলৰ মাত শুনি শোৱাচাঙ্গৰপৰা “কোন” “কোন” বুলি গৃহস্থে আহি টেটোনক গবা মাৰি ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)।

গৃহস্থ।— হেৰ কটা, কোন্ তই?

টেটোন।— কোন্ মই! কিনো অকৰাঔ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’, সুধিব লাগিছে মে মই কোন্‌? মই ৰাতিফুৰা।

গৃহস্থ।— কটা বন্দী তই চোৰ?

টেটোন।— (ভোৰভোৰাই) আৰু নো ই কি বুলি ভাবিছিল! (ফুটাই ) বোলোঁ, চকু নাই নে? এই মাজনিশা চোৰ নহৈ আলহী সোমাইছোঁহিনে? চোৰ নে আলহী চিনিবি পাচত; আগেয়ে মোক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।

গৃহস্থ।— অ, এইটোৱে কয় কি!

টেটোন।— ভাল কৈছোঁ। পেটৰ জঞ্জালটো বোলোঁ আগেয়ে মাৰি লওঁ, পাচতো তোমাৰে সৈতে মেল মাৰি থাকিম।

গৃহস্থ।— কটা, চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মট্‌মটনি বাঢ়িছে হে!

টেটোন।— বাৰু, মোক পাচেও ওৰ পেলাবাঁ। আগেয়ে ওৰ পেলাওঁ সান্দহৰ কলহ এটা, দেখুৱাই দিয়া।

গৃহস্থ।— কটা, এইটো কৰবাৰ বলিয়া মানুহ। ই সান্দহ-বলিয়া। বাৰু, ৰজাক খুঁজি খাবিগৈ সান্দহ কাইলৈ। এতিয়া বান্ধি থওঁগৈ বল। (টেটোনৰ কঁকালত পঘা লগায় ) বল, কটা, বল।

টেটোন।— বাৰু, বলাঁ। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়াঁ। নহ’লে, কাছুটি খনে নৰওঁ নৰওঁকৈ ওজৰ কৰিছে। কালিৰেপৰা মোৰ পেটত লখিমীৰ সঞ্চাৰ হোৱা নাই।