পৃষ্ঠা:টেটোন তামুলী.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


২য়, চোৰ।— (পিঠি পাতি) এয়া নহয়।

টেটোন।— মন্ত্ৰই গুণ দিছে বাপেকে! (স্ফূৰ্ত্তিৰে সৈতে বোকোচাত উঠে)।

     (টেটোনক বোকোচাত লৈ তিনিওৰো প্ৰস্থান।)

⸺<>⌾<>⸺
দ্বিতীয় পট,—
চহকী গৃহস্থৰ বৰঘৰ।

গৃহস্থ।— (বৰঘৰৰ দুৱাৰ কেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি চায়। বোলে, হৰিণাৰ গাৰ মঙহেই শত্ৰু। মোৰ ধন-বস্তুববাৰেই কাল হল। এইবোৰ আৰ্জ্জোতে যি দুখ পাইছিলোঁ, ৰাখোঁতে এতিয়া তাৰ ষাঠিগুণ দুখ পাইছোঁ। ই মোৰ শোৱন-খান নাইকিয়া কৰিছে। ৰাতি চিল্‌মিল্‌কৈ টোপনি আহিলেও, মেকুৰী—নিগনিয়ে জেৰজেৰালেই কাণ-সাৰ দি শুনি থাকোঁ; বতাহত দুৱাৰে কেৰ্‌কেৰালেই উঠি আহি চাওঁ। সিদিনা ধনৰ পেৰাটো চোৰে নিবৰপৰা মোৰ দেহত তৰণি নাই। পিচদিনাই বাকীখিনি ধন কলহত ভৰাই নিজানে নিজানে নি বাৰীচুকত পুতি থলোঁগৈ। এই কথা কাকো কোৱা নাই; সিজনীকো কোৱা নাই। নকওঁ, বেৰ-চালৰো কাণ আছে। নোকোৱাকৈ মৰোঁ যদি, ধনগুলৈয়ে পাওক; তথাপি চোৰৰ বুকুত নিদিওঁ। (দুৱাৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি) কিমান নো পৰ্‌ দিম আৰু!

শোৱাখোঁটালীপৰা।— আজি ৰাতিৰে-ৰাতিটো পহৰা দিয়ে থাকিব নে? শোৱাপাটীত নপৰোঁ বুলিয়েই লাগিছে নে কি?