: অৰুন্ধতী বুলি ক'লে ? মেম নকলে?
: তাকেইতো! কিন্তু লগে লগে তাৰ লগৰ ছোৱালী এজনীয়ে শুধৰাই দিলে,
ছাৰ ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ নাম অৰুন্ধতীযে, সেইকাৰণে মেম লগাব পাহৰি গ'ল।
: আপোনাৰ খং উঠা নাছিল?
নাই, হাঁহি উঠি গ'ল। ইমান ভালপায় সি তাৰ অৰুন্ধতীক।
চলিহা আঁতৰি যোৱাৰ পিছত অৰুন্ধতীয়ে ডাৱৰীয়া আকাশলৈ চাই পঠিয়ালে।
ধিমানলৈ মনত পৰি গ'ল তাইৰ। তাইতকৈ পাঁচবছৰ সৰু ল'ৰাটো কি অদ্ভুত ধৰণে
তাইৰ প্ৰেমত হাবাথুৰি খাইছিল। তাই যেতিয়া বি.এ. পঢ়ি আছিল লাইব্ৰেৰীলৈ
পঢ়িবলৈ যাওঁতে প্ৰায় লগ পায়, চিনাকি হৈ কথা বতৰা পতাৰ পৰাই যে তাই তাৰ
হিয়াজুৰি বিয়পি পৰিল, তাই ধাৰণাই কৰিব পৰা নাছিল। কলেজত এড্মিশ্চন লৈয়ে
সি তাইক তাৰ মনৰ কথা কৈছিল।তাই তেতিয়া এম.এ.কৰিছে। জাঙুৰ খাই উঠিছিল
তাই।
: ইমান সৰু তুমি।
: কিমান সৰু? মাত্ৰ ৫বছৰ গেপ্ অৰুন্ধতী।
: ইম্পছিবল!
: কিয়? আৰু৫ বছৰ পিছত মই চেটল্ হৈ যাম।
: চো হোৱাট?
:ওৱেইট ফৰ মি। আই উইল মেৰী ইউ।
তাই তাৰ গালত ৫ টা আঙুলি বহুৱাই দিছিল। কিন্তু সি হাৰ মনা নাছিল।
তাইৰ বিয়া চলিহাৰ লগত ঠিক হোৱা শুনি তাইক সি প্ৰশ্ন কৰিছিল,
:তোমাতকৈ তেওঁ দহবছৰ ডাঙৰ। তোমাতকৈ বহু আগত তেওঁ বুঢ়া হ’ব।
তুমি "না" কৰি দিয়া।