এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টেৰ’ৰিষ্ট
:অ’ই হিমান,কলৈ ওলাইছ?আৰু ইমান ডাঙৰ বেগ লৈযে ?
: নাই মানে এনেয়ে ....
:অই, পলাইছ নেকি ঘৰৰ পৰা ?
: ধেৎ!
: তেন্তে ইমান ডাঙৰ বেগত কি ভৰাই নিছ ?
: অই তই মােৰ বেগটোৰ পিছত লাগি আছ কিয় ভাই?
: বস্তুটো অলপ দৃষ্টিকূট বাবেই আক’।
:ডাঙৰ বেগ মানুহে লৈ নুফুৰে নেকি ?ভ্রমণত গ’লে?
:তাকেইতাে। কলৈ ওলাইছ ?
হিমানৰ উচ্পিচ্ লাগিল। এই ধিৰুটো তাৰ পিছত দেখােন জোকৰ দৰে লাগি
গ’ল।
কি কৰা যায় ?কি ক’ব তাক? টপিক চেঞ্জ কৰিলে সি।
: আচ্ছা মােৰ কথা বাদ দে। তই কাম-চাম যােগাৰ কৰিব পাৰিলিনে নাই ?
নে বেকাৰ হৈয়েই আছ ?
: কাম পাইছাে এটা। বঢ়িয়া। প্রতিটো টার্গেট ফুলফিল কৰাৰ বাবেদ দহ হেজাৰ টকা।
: লটাৰী লাগিল নেকি অ’ ?
ধৰি ল’ তেনেকুৱাই।
: কিমান দিন হ'ল ?
: জাষ্ট ট্রেইনিং শেষ কৰি আহিছাে। আজি প্রথম ওলাইছাে।
৪৪