পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অভিমান

 

 চাকৰিটো তায়ে পােৱা বুলি শুনি ফুর্টিতে তনুশ্রীয়ে দুই জাঁপ মাৰিলে। আহ্‌

অৱশেষত!সৰু-সুৰা দুই এটা কাম অত-তত পাইছে, কৰিছেও। কিন্তু মানসিক সন্তুষ্টি

কতাে পােৱা নাই। আগৰ কামবােৰ তাইৰ ষ্টেণ্ডার্ড নাছিল। তদুপৰি দৰমহাও ভাল

নাছিল। তিনি-চাৰি হেজাৰটকীয়া প্রাইভেট স্কুল কলেজৰ চাকৰিয়ে তাইৰ উচ্ছকাংখী

মনটোক পুষ্টি যােগাবলৈ অসমর্থ আছিল। অলপতে তাই বি.এড. কলেজ এখনত

প্ৰৱক্তাৰ পদৰ বাবে আবেদন কৰিছিল। বি.এড.কৰা কিছুবছৰ হ’ল যদিও এম.এড.

কৰিলে এইবছৰ। আজিকালি বি.এড.কলেজত পঢ়ুৱাবলৈ হ’লে প্রার্থী এম.এড.

ডিগ্রী থকা বাঞ্চনীয়। তাই ভাৱিছিল, কিমাননাে প্রার্থী আহিব ? তিনি বা চাৰিজন,

খুব বেছি । কিন্তু তাইৰ ধাৰণা ভূল প্রতিপন্ন কৰি সাক্ষাৎকাৰ দিবলৈ আহিল ৭ জন

প্রার্থী। তাৰে তাইকে ধৰি তিনিগৰাকী মহিলা। তাইৰ একাডেমীৰ কেৰিয়াৰ মধ্যমীয়া

আৰু দুজন প্রার্থী তাইতকৈও ভাল ৰিজাল্টৰ গৰাকী। গতিকে চাকৰিটো নাপাব বুলি

বিশ্বাস কৰা মানুহজনীয়ে যেতিয়া আজি দুপৰীয়া ফোন এটা পালে তাইক নিযুক্তি

দিয়া হােৱা বুলি, তাই আচৰিত হ'ল।

 গােটেই আবেলিটো তাই ভাবিলে, জইন কৰিবনে নাই। কলেজখন তাইৰ

গৃহ চহৰত নহয়, ওচৰৰে জাগীৰােডতহে। অহা-যােৱা খৰচ আৰু সময় নষ্ট। কিন্তু

দৰমহা দহ হেজাৰ টকা। বহু পুৰণি প্রতিষ্ঠিত কলেজ। তাত কাম কৰাটো, তাতে

ইমান ভাল দৰমহাত চাকৰি এটা আজিৰ বজাৰত গােটাব পৰাটো অকল্পনীয়। তাই

খবৰটো জনাবলৈ যতীনক ফোন কৰিলে, কিন্তু তাৰ মােবাইলৰ চুইচ অফ্‌। থাকক,

জইন কৰি আহি

৩১