পৃষ্ঠা:জ্যোতি.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

জ্যোতি।

জ্যোতি৷

(১)

মহা অন্ধকাৰ নিশা নেদেখি একোকে হায়,
ধৰণী কোলাত থকা সৰু-বৰ বস্তুবোৰ;
কে’উপিনে অন্ধকাৰ কেনিও জোনাক নাই,
বিৰাজিছে যামিনীয়ে পিন্ধি ক’লা সাজজোৰ।

(২)

এনেতে কোনোবা পিনে বিজুলী চমক পৰি,
ঘোপ্‌মৰা অন্ধকাৰ কেনিবা আতৰি গ’ল
আন্ধাৰে জ্যোতিৰ কাষে সাদৰে প্ৰণাম কৰি,
সকাতৰে ক্ষন্তেক’লে কেনিবাদি লুপ্ত হল।

(৩)

তেতিয়া, যেতিয়া জ্যোতি পৰে অন্ধ-পৃথিবীত,
গোটেই অৱনী প্ৰায় জোনাকৰ ৰাজ্য হয়;
হেৰোৱা পথিক বাট হুই মহা হৰষিত,
এখোজ দুখোজ কৰি পুনৰাই খোজ লয়।