পৃষ্ঠা:জ্যোতি.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া লৰা ছোৱালীসকলে জ্যোতিক মিঠৈৰ লাৰু নহয় বুলি আগ্রহ নকৰিব পাৰে, খোৱা বস্তু নহয় বুলি শ্রদ্ধা নকৰিব পাৰে, তথাপি ধেমালিৰ পুতলা বুলি মৰম কৰি খেলিগেও লিখকে আনন্দ পাৰ !— প্রত্যেক লৰা ছোৱালীৰ হাতত দেখিলে মহা শুখ অনুভৱ কৰিব !—আৰু লুটিয়াই বগৰাই জ্যোতি পুতলাৰ অঙ্গ প্রত্যঙ্গ বিলাক চালে নিজকে নিজে হল মানিৰ ! অৱশেষত ইয়াকে কওঁ যে, মোৰ বকৰাণিত গঙ্গা সাহিত্য পুলিটি সাৰ পানী দি ডাঙ্গৰ দীঘল কৰোতা শ্রীযুক্ত কল্পনাথ ভূঞা মহাশয়লৈ আক জ্যোতিৰ কেইটামান অনাৱশ্যকীয় পদ] বাদ দিবলৈ কোৱা ( বাদ দিয়া হৈছে ) ব্ৰহ্মাস্পদ শ্রীযুক্ত বসন্তকুমাৰ বৰুৱা মহাশয়লৈ তেওঁলোকৰ অভাজন ছাত্র লিখকে ভক্তিৰ শৰাই আগ বঢ়াইছে। আচল কথা,—মোৰ হুহৃদ বন্ধু শ্ৰীযুত ডাবিৰাম কলিতাই কিতাপ খন ছাপা কৰি উলিৱাত আৰু মোক উৎসাহ দিয়াত তেওঁক অন্তৰেৰে শলাগ জনা ইছো । ডোলাকাষৰীয়া চুক, তেজপুৰ, আসাম ১৯২৬ ৰাইজৰ আশীৰ্ব্বাদ ভিক্ষাৰী লিখক।